O Bideshi Bandhu Lyrics By Bhupen Hazarika Assamese

O Bideshi Bandhu (অ' বিদেশী বন্ধু) Lyrics By Bhupen Hazarika Assamese Lyrics
  • Singer: Bhupen Hazarika
  • Song: O Bideshi Bondhu(অ' বিদেশী বন্ধু)
  • Album: Chameli Memsaheb (Asm)

O Bideshi Bandhu (অ' বিদেশী বন্ধু) Lyrics  Assames 

অ' বিদেশী বন্ধু
দুৰ্ভগীয়া,
আজি কিয়নো বন্ধু
অকলশৰীয়া........
প্ৰতিধ্বনি শুনো কান্দোনৰ
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া...

প্ৰেমৰ সাগৰে,
জাহাজ মেলিলি,
নাপালি কোনো বন্দৰ,
সৰু চাকনৈয়াতে বন্দী হলি,
হেৰুৱালি তোৰ লঙ্গৰ,
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া
আজি কিয়নো বন্ধু
অকলশৰীয়া...

চিৰ সেউজতে,
চামেলি দেখিলি,
অতি মনমুগ্ধকৰ,
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই,
চামেলি হ'লগৈ পৰ,
অ' বিদেশী বন্ধু
দুৰ্ভগীয়া,

আজি কিয়নো বন্ধু
অকলশৰীয়া...