Aah Aah Ulai Aah (আহ আহ ওলাই আহ) Lyrics Bhupen Hazarika

Aah Aah Ulai Aah (আহ আহ ওলাই আহ) Lyrics By Bhupen Hazarika Assamese
Song: Aah Aah Ulai Aah (আহ আহ ওলাই আহ)
Singer: Bhupen Hazarika

Aah Aah Ulai Aah  (আহ আহ ওলাই আহ) Lyrics Assamese

আহ আহ ওলাই আহ 
সজাগ জনতা,
আহ আহ ওলাই আহ 
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
 ৰাৱণ বধোঁতে,
যায় যদি যায় 
জীৱনটো যাক......

সমুখৰে সেনাপতি 
থমকি জিৰালে,
কিনো হব সেনানীয়ে
ভাবিলে গুণিলে,
ক'লা কাকতি ফৰিং
নাচোঁগৈ আহ........



আহ আহ ওলাই আহ 
সজাগ জনতা,
আহ আহ ওলাই আহ 
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
 ৰাৱণ বধোঁতে,
যায় যদি যায় 
জীৱনটো যাক......

শুন বুভুক্ষু শিশুৰে
আৰ্তনাদ,
তিল তিল মৃ্ত্যুৰ 
আনে সংবাদ,
এই সংবাদ শুনিও 
বধিৰ কিয় ?
তই নকৰিবি কিয়
তোৰ শেষ প্ৰতিবাদ ?

সংগ্ৰাম আন এটি 
নাম জীৱনৰে,
ইতিহাসে চিঞৰে
'জয় জনতাৰে',
ত্ৰাস এৰি দানৱকে
বধোগৈ আহ ......

আহ আহ ওলাই আহ 
সজাগ জনতা,
আহ আহ ওলাই আহ 
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
 ৰাৱণ বধোঁতে,
যায় যদি যায় 
জীৱনটো যাক........